পাখি ভঙা চৰাইটো। উৰি ফুৰা শালিকাহালৰ এটাৰ চোন পাখিখন আজি ভাগি গ'ল। কিন্তু আন জনীক দেখোন দেখা নাই,ক'ত আছে তাই ?তাই বোলে উৰিব বিচাৰে সৌ নীলা আকাশত ,বহু ওপৰলৈ ।তাই হেনো নিবিচাৰে এই ধৰাৰ সেউজীয়া গছ-গছনি। শগুণ কেইটাই খেদি আহিলেও তাই হেনো তাহাঁতৰ লগত বন্ধুত্ব কৰিব খোজে। "এনেকৈনো কিমান দিন থাকিবি ??"তাইক কোনোবাই প্ৰশ্ন কৰিলে ।তাই হাঁহি হাঁহি কয়, "আছে নহয় মোৰ বাবে এজন পাগল , যি হয়তো অপেক্ষা কৰি আছে মোৰ বাবে সেই ধৰাৰ মাজত ,অকলশৰে । গুচি যাম , যিদিনা মই হম অকলশৰীয়া । যিদিনা ভাগৰি পৰিম ,গুচি যাম তাৰ ওচৰলৈ। " কিন্তু তাই নাভাবিলে পাখি ভগা চৰাইটো যে কিমান দিন জীয়াই থাকিব ,তাইৰ অবিহনে । এদিন সিও মিলি গ'ল এই সুন্দৰ সেউজীয়া ধৰাৰ কোনো এক সুন্দৰ প্ৰান্তত। আৰু এতিয়া তাই অকলশৰীয়া , ভাগি পৰা এক নিথৰ দেহা। #প্ৰাঞ্জল দত্ত#
Posts
Showing posts from February, 2019