*** মৌনতা  ***
তোমাৰ পৰা আঁতৰি অহা আজি বহুদিনেই হল।
তোমাৰ সেই চকুজুৰীৰ কথা বোৰ এতিয়া শান্ত হৈ পৰিল। 
নিশাটোৰ  দৰেই।
সেই চিনাকি মাত তো যেন এতিয়া ক্লান্ত
 শ্মশান ৰ মৌনতাৰ দৰে। 


এতিয়া যেন ৰাতিৰ আন্ধাৰে হেঁচামাৰি 
নিঃশেষ কৰিব বিচাৰে
 মনৰ সেই পোহৰৰ কণাবোৰ।
যত নেকি 
সাঁচিথোৱা আছে এটি এটি স্মৃতি 
তোমাৰ আৰু মোৰ।


এতিয়া যে মাথোঁ মৌনতা ভীষণ মৌনতা
আৰু এই মৌনতাই যেন তিল তিল কৰি শেষ কৰিব ধৰিছে হৃদয়ৰ সেই গোপন কথাবোৰ 
যত নেকি আছোঁ
তুমি আৰু মই।

গোলাপৰ দৰে প্ৰেমৰ সংজ্ঞা হব বিচাৰিছিলো ।
কিন্তু
নাজানিছিলোঁ কাঁইটৰ সেই জখলাডাল বগাবলৈ।
আৰু হয়তো বিচৰা নাছিলোঁ 
ফুলপাহীৰ দৰে তোমাক ছিঙি আনিবলৈ।
বিচাৰিছিলো মাথোঁ ভোমোৰৰ দৰে 
তোমাৰ সতে এক গভীৰ প্ৰেমৰ আলিংগন।

         *প্ৰাঞ্জল দত্ত*



Comments

Popular posts from this blog

তুমিবিহীনতাত