*** মৰমৰ মৰিচিকা ***
মৰমৰ মৰিচিকা জনী
হৃদয়ৰ মৰমবোৰ তোমালৈ বুলি প্ৰেৰণ কৰি
তোমাৰ সতে কটোৱা সময় বোৰ স্মৃতিৰ
 টোপোলাত সাঁচি ৰাখিলোঁ।

এই যে তোমাৰ কাজল সনা মুগ্ধগ্ন চকুজুৰি
এইজুৰি দেখিলেই এনে লাগে যেন
হৃদয়ৰ ধপদ্ধপনীবোৰেও খৰধৰ কৰিব ধৰিছে।
সময়বোৰ যেন লেহেমীয়া হৈ পৰিছে।

এই যে যোৱাৰ আগত
ইজনে সিজনক লগ ধৰাৰ এটা হেঁপাহ ,
আৰু লগ পালেই অহা হাঁহিটো
উফফ
যেন সদায় তোমাৰ কাষতেই বহি থাকিম
তোমাৰ হাঁহিতিক লগত লৈ।



এই যে দুয়োজনে অপেক্ষা কৰোঁ
ৰাতি 11 বজাৰ ফোনকলটিৰ বাবে।
দিনটোৰ ভালপোৱা আৰু অভিমানবোৰ লৈ
আৰু ,
ফোন কলটো অহাৰ লগে লগে যেন
অভিমান বোৰে ঠাঁচ নাচ হৈ যায়।
উফন্দি থকা মুখতো যেন আহি পৰে
এটা হাঁহিৰ খলকনি।

এই মৰমৰ মৰিচিকা জনী
হবানে মোৰহঁতে একেখন নাৱৰ যাত্ৰী
বগাবলৈ দিবানে তোমাৰ প্ৰেমৰ জখলাডাল
হবলৈ দিবানে মোক  তোমাৰ মৰুভূমিৰ এজন পদভ্ৰষ্ট প্ৰেমিক।???
       *প্ৰাঞ্জল দত্ত*

Comments

Popular posts from this blog

তুমিবিহীনতাত