তুমিবিহীনতাত



আজি তুমিবিহীনতাত
        মই নিজান মনে বহি আছোঁ
ভাবি আছোঁ অতীতৰ কিছুমান
      অসম্পূৰ্ণ প্ৰেমৰ ছবি

এন্ধাৰত ছাঁতো হেৰাই  যোৱাৰ দৰে
         তুমিও হেৰাই গৈছিলা
               জীৱনৰ পৰা
আৰু দি গৈছিলা মোক কিছু
              স্মৃতি

আৰু
হয়তো,
এই স্মৃতি বোৰৰ বাবেই
মই হাঁহি আছোঁ এতিয়াও
তুমিবিহীনতাৰ মাজতো

ডায়েৰীৰ প্ৰতিটো পৃষ্ঠাই
               তোমাৰ কথাকে কয়
প্ৰথম পৃষ্ঠাই কয়
                 তোমাক লগ পোৱাৰ কথা
আৰু শেষ পৃষ্ঠাই কয়
                 তুমিবিহীনতাৰ কথা

বিহুৰ তলিত দেখিছিলোঁ তোমাক
মুগাৰ সাজত ,
নাচনীৰ ৰূপত।

তোমাৰ মৰম লগা হাঁহিতিত
               মই তোমাৰ প্ৰেমত পৰিছিলো
তুমি কোৱা কথা বোৰত
             বিচাৰি পাইছিলোঁ  আপুনত্ব

আৰু হয়তো
তুমিয়েই আছিলা মোৰ
প্ৰথম ভাল পোৱা।
মোৰ জীৱনৰ প্ৰথম  প্ৰেয়সী।

কিন্তু ,
সময় যে নিষ্ঠুৰ।
আঁতৰাই আনিলে
মোক তোমাৰ পৰা , তোমাক মোৰ পৰা
কেইটিমান ভুলৰ বাবেই
মই আজি তুমিবিহীন হৈ পৰিলোঁ

সচাকৈ কৈছোঁ ,
আজি তুমিবিহীনতাৰ মাজতো
মই হাঁহি আছোঁ।
হৃদয়ৰ সেই নিস্তব্ধ কোণত
সাচী ৰখা তোমাৰ স্মৃতি বোৰক লৈ।

মই আজি
সচাকৈ  হাঁহি আছোঁ
তুমি বিহীনতাৰ মাজতো।
                                   # PRANJAL DUTTA#

Comments

Post a Comment

Popular posts from this blog