হঠাৎ আহি ওলাবা

হঠাৎ
এদিন আহি ওলাবা ,
মোৰ সন্মুখত
তোমাৰ দীঘল চুলি কোচা লৈ  ।

খং কৰি কিবা কথাত  উচ্চাট মাৰি গুচি যাবা
আৰু
তোমাৰ সেই খং ভৰা মুখ খন
আৰু তোমাৰ দীঘল চুলিকোচাত
মই তোমাৰ প্ৰেমত পৰিম।
তোমাৰ চকুৰ উজ্জলতাই
মোক আপ্লুত কৰিব ,
 তোমাৰ মাতৰ গহীনতাই
স্পৰ্শ কৰিব মোৰ হৃদয়।
সচাকৈ দিঠকটো আহিবাচোন
এদিন মোৰ সন্মুখলৈ,
তোমাৰ দীঘল চুলিকোচ লৈ।
                              #PRANJAL#

Comments

Popular posts from this blog

তুমিবিহীনতাত