*মৰুভূমিৰ মৰিচিকা তুমি*

তুমি মৰুভূমি ৰ মৰিচিকাহেন প্ৰেমিকাজনী
আৰু মই এজন পিয়াহঁত আতুৰ পৰ্যটক।
দূৰৰ পৰা তোমাক দেখি
দৌৰি যাওঁ তোমাৰ কাষলৈ,
তোমাক পোৱাৰ আশাত।
কিন্তু
তুমি হেৰাই যোৱা
তোমাৰ প্ৰেমিকহেন সেই মৰুভূমিৰ বুকুৰ মাজত।
আৰু মই অকলশৰীয়া হৈ
থমকি ৰওঁ ,
পুনৰ তোমাক দেখাৰ
এটা আশা লৈ।
                            #প্ৰাঞ্জল#

Comments

Popular posts from this blog

তুমিবিহীনতাত