Posts

      *** মৰমৰ মৰিচিকা *** মৰমৰ মৰিচিকা জনী হৃদয়ৰ মৰমবোৰ তোমালৈ বুলি প্ৰেৰণ কৰি তোমাৰ সতে কটোৱা সময় বোৰ স্মৃতিৰ  টোপোলাত সাঁচি ৰাখিলোঁ। এই যে তোমাৰ কাজল সনা মুগ্ধগ্ন চকুজুৰি এইজুৰি দেখিলেই এনে লাগে যেন হৃদয়ৰ ধপদ্ধপনীবোৰেও খৰধৰ কৰিব ধৰিছে। সময়বোৰ যেন লেহেমীয়া হৈ পৰিছে। এই যে যোৱাৰ আগত ইজনে সিজনক লগ ধৰাৰ এটা হেঁপাহ , আৰু লগ পালেই অহা হাঁহিটো উফফ যেন সদায় তোমাৰ কাষতেই বহি থাকিম তোমাৰ হাঁহিতিক লগত লৈ। এই যে দুয়োজনে অপেক্ষা কৰোঁ ৰাতি 11 বজাৰ ফোনকলটিৰ বাবে। দিনটোৰ ভালপোৱা আৰু অভিমানবোৰ লৈ আৰু , ফোন কলটো অহাৰ লগে লগে যেন অভিমান বোৰে ঠাঁচ নাচ হৈ যায়। উফন্দি থকা মুখতো যেন আহি পৰে এটা হাঁহিৰ খলকনি। এই মৰমৰ মৰিচিকা জনী হবানে মোৰহঁতে একেখন নাৱৰ যাত্ৰী বগাবলৈ দিবানে তোমাৰ প্ৰেমৰ জখলাডাল হবলৈ দিবানে মোক  তোমাৰ মৰুভূমিৰ এজন পদভ্ৰষ্ট প্ৰেমিক।???        *প্ৰাঞ্জল দত্ত*
*** মৌনতা  *** তোমাৰ পৰা আঁতৰি অহা আজি বহুদিনেই হল। তোমাৰ সেই চকুজুৰীৰ কথা বোৰ এতিয়া শান্ত হৈ পৰিল।  নিশাটোৰ  দৰেই। সেই চিনাকি মাত তো যেন এতিয়া ক্লান্ত  শ্মশান ৰ মৌনতাৰ দৰে।  এতিয়া যেন ৰাতিৰ আন্ধাৰে হেঁচামাৰি  নিঃশেষ কৰিব বিচাৰে  মনৰ সেই পোহৰৰ কণাবোৰ। যত নেকি  সাঁচিথোৱা আছে এটি এটি স্মৃতি  তোমাৰ আৰু মোৰ। এতিয়া যে মাথোঁ মৌনতা ভীষণ মৌনতা আৰু এই মৌনতাই যেন তিল তিল কৰি শেষ কৰিব ধৰিছে হৃদয়ৰ সেই গোপন কথাবোৰ  যত নেকি আছোঁ তুমি আৰু মই। গোলাপৰ দৰে প্ৰেমৰ সংজ্ঞা হব বিচাৰিছিলো । কিন্তু নাজানিছিলোঁ কাঁইটৰ সেই জখলাডাল বগাবলৈ। আৰু হয়তো বিচৰা নাছিলোঁ  ফুলপাহীৰ দৰে তোমাক ছিঙি আনিবলৈ। বিচাৰিছিলো মাথোঁ ভোমোৰৰ দৰে  তোমাৰ সতে এক গভীৰ প্ৰেমৰ আলিংগন।          *প্ৰাঞ্জল দত্ত*
পাখি  ভঙা চৰাইটো। উৰি ফুৰা শালিকাহালৰ এটাৰ চোন পাখিখন আজি ভাগি গ'ল।  কিন্তু আন জনীক দেখোন দেখা নাই,ক'ত আছে তাই ?তাই বোলে উৰিব বিচাৰে সৌ নীলা আকাশত ,বহু ওপৰলৈ ।তাই হেনো নিবিচাৰে এই ধৰাৰ সেউজীয়া গছ-গছনি।  শগুণ কেইটাই খেদি আহিলেও তাই হেনো তাহাঁতৰ লগত বন্ধুত্ব কৰিব খোজে। "এনেকৈনো কিমান দিন থাকিবি ??"তাইক কোনোবাই প্ৰশ্ন কৰিলে ।তাই  হাঁহি হাঁহি কয়, "আছে নহয় মোৰ বাবে এজন পাগল , যি হয়তো অপেক্ষা কৰি আছে মোৰ বাবে সেই ধৰাৰ মাজত ,অকলশৰে । গুচি যাম , যিদিনা মই হম  অকলশৰীয়া । যিদিনা ভাগৰি পৰিম ,গুচি যাম তাৰ ওচৰলৈ। " কিন্তু তাই নাভাবিলে পাখি ভগা চৰাইটো যে কিমান দিন জীয়াই থাকিব ,তাইৰ অবিহনে । এদিন সিও মিলি গ'ল এই সুন্দৰ সেউজীয়া ধৰাৰ কোনো এক সুন্দৰ প্ৰান্তত।  আৰু এতিয়া তাই অকলশৰীয়া , ভাগি পৰা এক নিথৰ দেহা।                                                     #প্ৰাঞ্জল দত্ত#
*মৰুভূমিৰ মৰিচিকা তুমি* তুমি মৰুভূমি ৰ মৰিচিকাহেন প্ৰেমিকাজনী আৰু মই এজন পিয়াহঁত আতুৰ পৰ্যটক। দূৰৰ পৰা তোমাক দেখি দৌৰি যাওঁ তোমাৰ কাষলৈ, তোমাক পোৱাৰ আশাত। কিন্তু তুমি হেৰাই যোৱা তোমাৰ প্ৰেমিকহেন সেই মৰুভূমিৰ বুকুৰ মাজত। আৰু মই অকলশৰীয়া হৈ থমকি ৰওঁ , পুনৰ তোমাক দেখাৰ এটা আশা লৈ।                             #প্ৰাঞ্জল#
হঠাৎ আহি ওলাবা হঠাৎ এদিন আহি ওলাবা , মোৰ সন্মুখত তোমাৰ দীঘল চুলি কোচা লৈ  । খং কৰি কিবা কথাত  উচ্চাট মাৰি গুচি যাবা আৰু তোমাৰ সেই খং ভৰা মুখ খন আৰু তোমাৰ দীঘল চুলিকোচাত মই তোমাৰ প্ৰেমত পৰিম। তোমাৰ চকুৰ উজ্জলতাই মোক আপ্লুত কৰিব ,  তোমাৰ মাতৰ গহীনতাই স্পৰ্শ কৰিব মোৰ হৃদয়। সচাকৈ দিঠকটো আহিবাচোন এদিন মোৰ সন্মুখলৈ, তোমাৰ দীঘল চুলিকোচ লৈ।                               #PRANJAL#

তুমিবিহীনতাত

আজি তুমিবিহীনতাত         মই নিজান মনে বহি আছোঁ ভাবি আছোঁ অতীতৰ কিছুমান       অসম্পূৰ্ণ প্ৰেমৰ ছবি এন্ধাৰত ছাঁতো হেৰাই   যোৱাৰ দৰে          তুমিও হেৰাই গৈছিলা                জীৱনৰ পৰা আৰু দি গৈছিলা মোক কিছু               স্মৃতি আৰু হয়তো , এই স্মৃতি বোৰৰ বাবেই মই হাঁহি আছোঁ এতিয়াও তুমিবিহীনতাৰ মাজতো । ডায়েৰীৰ প্ৰতিটো পৃষ্ঠাই                তোমাৰ কথাকে কয় প্ৰথম পৃষ্ঠাই কয়                  তোমাক লগ পোৱাৰ কথা আৰু শেষ পৃষ্ঠাই কয়                  তুমিবিহীনত...